হলিচৰণ নাৰ্জাৰী

ভাৰতৰ তাৰকা ফুটবলাৰৰ ভিতৰৰ অন্যতম হলিচৰণ নাৰ্জাৰীয়ে ২০১৪ চনৰ হিৰো আই.এছ.এল ৰ প্ৰথম সংস্কৰণত এফ.চি. গোৱাৰ হৈ ফুটবল খেলিছিল। অসমৰ উদীয়মান ফুটবলাৰজনে ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবলদলৰ হৈ বৰ্তমানলৈকে ২৬খন মেচত অংশগ্ৰহন কৰিছে। অতিশয় দৰিদ্ৰ অৱস্থাৰ পৰা আহি কোকোৰাজাৰৰ হলিচৰণে ভাৰতীয় ফুটবল প্ৰেক্ষাপটত নিজৰ চিনাকি দিবলৈ সক্ষম হয়। ২০১৫-১৬ চিজনৰ হিৰো আই.এছ.এল ৰ দ্বিতীয় সংস্কৰণত হলিচৰণে উত্তৰ-পূৱৰ ফুটবল দল নর্থ-ইষ্ট ইউনাইটেড এফ.চি. ত যোগদান কৰে আৰু ক্লাবৰ হৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াই। কেৰালা ব্লাষ্টাৰ্ছ, চেন্নাইয়িন এফ.চি. ৰ দৰে উচ্চখাপৰ দলৰ হৈ ফুটবল খেলা হলিচৰণে আগন্তক হিৰো আই.এছ.এল ৰ চিজনত হাইদেৰাবাদ এফ.চি.ৰ হৈ ফুটবল খেলিব। প্ৰতিযোগিতাৰ পূৰ্বৰ সংস্কৰণৰ দৰেই আগন্তুক সংস্কৰণতো নাৰ্জাৰীৰ পৰা এক উন্নতমানৰ প্ৰদৰ্শনৰ আশা থাকিল।