ৰাকেশ প্ৰধান

হাফলঙৰ ৰাকেশ প্ৰধানে ২০১৯-২০ চিজনৰ হিৰো আই.এছ.এল প্ৰতিযোগিতাৰ ষষ্ঠ সংস্কৰণত উত্তৰ-পূবৰ একমাত্ৰ আই.এছ.এল ক্লাব নৰ্থ-ইষ্ট ইউনাইটেড এফ.চিত যোগদান কৰে আৰু ক্লাবৰ হৈ ১১খন মেচত অংশগ্ৰহণ কৰিছিল। শ্বিলং লাজঙৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা ৰাকেশ প্ৰধানে আই লীগ ফুটবল প্ৰতিযোগিতাত লাজঙৰ হৈ ৩১খন মেচত ফুটবল খেলে। শ্বিলং লাজঙৰ তৰফৰ পৰা ৰাকেশ প্ৰধানে আগবঢ়োৱা উৎকৃষ্ট প্ৰদৰ্শন সকলোৰে দৃষ্টিগোচৰ হয় আৰু নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰবন্ধকে ততালিকে ৰাকেশ প্ৰধানক ভাৰতৰ সৰ্বোচ্চ ফুটবল লীগত খেলিবৰ বাবে প্ৰস্তাৱ আগবঢ়াই। যোৱা আই.এছ.এল.ৰ চিজনত ৰাকেশ প্ৰধান নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰতিৰক্ষা বিভাগৰ এক গুৰুত্ত্বপূৰ্ণ সদস্য আছিল আৰু আগন্তুক আই.এছ.এলৰ চিজনতো ৰাকেশ প্ৰধানক নৰ্থ-ইষ্ট ইউনাইটেডৰ পোচাকত অসমৰ ৰাইজে দেখিবলৈ পাব।