গৌৰৱ বৰা

১৯৯৮ চনত নগাঁৱৰ জলাহত জন্মগ্ৰহণ কৰা গৌৰৱ বৰা এ পূৰ্বৰ হিৰো আই.এছ.এল. ক্লাব পুনে চিটিৰ তৰফৰ পৰা ফুটবল কেৰিয়াৰৰ আৰম্ভ কৰে। ২০১৮-১৯চনৰ আই.লীগ প্ৰতিযোগিতাত চেন্নাই চিটি এফ.চি.ৰ তৰফৰ পৰা আগবঢ়োৱা অভূতপূৰ্ব প্ৰদৰ্শনৰ সুবাদতে নগাঁৱৰ ফুটবলাৰজনে ২৩-বছৰ অনুৰ্দ্ধ ভাৰতীয় ফুটবল দলৰ স্থান লাভ কৰে। আই লীগৰ নিৰ্ণায়ক মেচত চেন্নাই চিটি এফ.চি.ৰ তৰফৰ পৰা গৌৰৱ বৰায়ে কৰা গ’ল সকলো ভাৰতীয় ফুটবল অনুৰাগীৰ মনত হয়তো চিৰদিনৰ বাবে খোদিত হৈ থাকিব । চেন্নাই চিটি এফ.চি.ৰ হৈ আই লীগৰ খিতাপ অৰ্জন কৰাৰ পাছত গৌৰৱ বৰায়ে হিৰো আই.এছ.এল.ৰ দল উৰিষ্যা এফ.চি. যোগদান কৰে। উৰিষ্যা এফ.চি.ৰ প্ৰশিক্ষক যোচেফ গম্বাওৰ তত্ত্বাৱধানত গৌৰব বৰায়ে উৰিষ্যা এফ.চি.ৰ হৈ যোৱা হিৰো আই.এছ.এল.ৰ চিজনত ১০ খন মেচত অংশগ্ৰহণ কৰে। আগন্তুক হিৰো আই.এছ.এল চিজনত গৌৰৱ বৰাক আকৌ অসমৰ ৰাইজে উৰিষ্যা এফ.চি.ৰ তৰফৰ পৰা ফুটবল খেলা দেখিবলৈ পাব।