এলেন দেউৰী

গুৱাহাটীৰ এলেন দেউৰীয়ে শ্বিলং লাজঙৰ তৰফৰ পৰা নিজৰ ফুটবল কেৰিয়াৰৰ পাতনি মেলে। ২০১৪ চনৰ হিৰো আই.এছ.এল. ৰ প্ৰথম সংস্কৰণত এলেন উত্তৰ-পূৱৰ ফুটবল দল নৰ্থ-ইষ্ট ইউনাইটেডৰ সদস্য আছিল আৰু দলৰ হৈ ৫খন খেলত অংশগ্ৰহণ কৰিছিল। ২০১৪-১৫ চিজনৰ দৰেই ২০১৫-১৬ চিজনৰ হিৰো আই.এছ.এল ৰ দ্বিতীয় সংস্কৰণটো এলেন দেউৰী নৰ্থ-ইষ্ট ইউনাইটেডৰ লগত জড়িত থাকে কিন্তু দলৰ বাবে নিয়মীয়াকৈ খেলিবলৈ অসফল হয়। গুৱাহাটীৰ ছাইৰ পৰা নিজৰ ফুটবল প্ৰশিক্ষণ আৰম্ভ কৰা এলেন দেউৰীয়ে বিতৰ্কিত ভাবে ২০১৮ চনৰ হিৰো আন্তঃমহাদেশীয় কাপৰ বাবে নিৰ্বাচন কৰা ভাৰতীয় ফুটবল দলত স্থান লাভ কৰে আৰু প্ৰতিযোগিতাখনৰ নিউজিলেণ্ডৰ বিৰুদ্ধে এখন মেচত ভাৰতীয় অধিনায়ক সুনীল চেত্ৰীৰ পৰিবৰ্তে খেলপথাৰত নামি আন্তঃৰাষ্ট্ৰীয় ফুটবলত অভিষেক কৰে।এলেন দেউৰী যোৱা হিৰো আই.এছ.এল চিজনত মুম্বাই এফ.চিৰ তৰফৰ পৰা ফুটবল খেলিছিল আৰু আগন্তুক হিৰো আই.এছ.এল চিজনটো তেওঁ মুম্বাই চিটি এফ.ছি. ৰ সৈতে জড়িত থাকিব
IFTWCক ফলো কৰক :https://iftwc.com/IFTWC