আই.এছ.এল. ত খেলা ৫ জন প্ৰতিভাৱান অসমীয়া

0
1034

হিৰো আই.এছ.এল ৰ প্ৰথম সংস্কৰণৰ উদ্বোধনীৰ পাছত অসমৰ কেইবাজনো প্ৰতিভাবান খেলুৱৈয়ে ভাৰতৰ উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাখনত নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছে। আই.এছ.এল. ত উন্নত প্ৰদৰ্শন কৰি বহুকেইজন অসমীয়া ফুটবলাৰে ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ সুবিধা লাভ কৰিছে। আই.এছ.এল ত খেলা কেইজনমান অসমীয়া ফুটবলাৰৰ বিষয়ে ইয়াত আলোচনা কৰা হ’ল :

দুৰ্গা বড়ো

আই.এছ.এল. ত খেলা ৫ জন প্ৰতিভাৱান অসমীয়া image search 1598588067771

হিৰো আই.এছ.এল.ৰ উদ্ধোধনী সংস্কৰণত দুৰ্গা বড়োএ নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ ফুটবল খেলিছিল। নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ খেলা নিজৰ অভিষেক মেচতেই দুৰ্গা বড়ো এ নিজৰ দুৰ্দান্ত শ্ব’টৰদ্বাৰা ইংলেণ্ডৰ কিংবদন্তি গ’লৰক্ষক ডেভিড জেমছ্ক বহুবাৰ শ’লঠেকত পেলায়। ২০১৪ চনৰ হিৰো আই.এছ.এল ৰ প্ৰথম সংস্কৰণত দুৰ্গা বড়োএ নৰ্থ-ইষ্টৰ হৈ ১১খন মেচত অংশগ্ৰহণ কৰে আৰু চেন্নাইয়িন এফ.চি.ৰ বিৰুদ্ধে প্ৰথমটো গ’ল কৰিছিল। হিৰো আই.এছ.এল ৰ প্ৰথম সংস্কৰণৰ পাছত পূৰ্বৰ শ্বিলং লাজঙৰ ষ্ট্ৰাইকাৰজনক পুনৰ ইণ্ডিয়ান ছুপাৰ লীগত দেখা পোৱা ন’গল। কোকাৰাজাৰৰ প্ৰতিভাৱান ফুটবলাৰ গৰাকী বৰ্তমান গুৱাহাটী ফুটবল ক্লাবৰ সৈতে জড়িত হৈ আছে।